Thursday, 30 September 2021

পথিকৃৎ ই-আলোচনী, পঞ্চম সংখ্যা, ছেপ্তেম্বৰ ২০২১

 https://drive.google.com/file/d/1F-fV5dlPsx3T3iwT34BxLz-bEICcMwTH/view?usp=drivesdk





ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পথিকৃৎ সমাজৰ দ্বাৰা প্ৰকাশিত পথিকৃৎ ই-আলোচনী, পঞ্চম সংখ্যা, ছেপ্তেম্বৰ ২০২১

           শিক্ষক আৰু তেওঁলোকৰ অৱদানৰ জোখাৰে কৃতজ্ঞতা প্ৰদৰ্শন কৰিবলৈ পৃথিৱীত কোনো বস্তু বা মাধ্যম নাই । তথাপিও, এগৰাকী শিক্ষকৰ বাবে দুবিধ উপহাৰ স্বৰ্গতুল্য - প্ৰথম, ছাত্ৰৰ সফলতা আৰু দ্বিতীয়, কৃতজ্ঞতা জ্ঞাপন । সমাজৰ অন্ধকাৰচ্ছন্ন বাটতো জ্বলন্ত মমবাতি হৈ নৱ-প্ৰজন্মক সৎ ‌আৰু শুদ্ধ ‌পথ দেখুৱাই আগুৱাই নিয়া শিক্ষকসকলৰ কৰ-কমলত 'পথিকৃৎ'ই-আলোচনীৰ পঞ্চম সংখ্যা (শিক্ষক দিৱস বিশেষ) সাদৰেৰে অৰ্পণ কৰিলোঁ । 

         কোৱা হয়, 'ব্যক্তিগত জীৱনত প্ৰাপ্ত জ্ঞান সুন্দৰ উপস্হাপনশৈলীৰে শিক্ষাৰ্থীৰ মগজুত‌ স্থাপন কৰাৰ নামেই শিক্ষকতা ।' আৰু এই আদৰ্শৰ মূল ভেঁটি শিক্ষক । পাঠ্যক্ৰমৰ চাৰিবেৰ ভেদি ‌জীৱন যাপন আৰু উদযাপনৰ পাৰ্থক্য বুজাই প্ৰকৃত 'জীৱন' নিৰ্বাহ কৰিবলৈ শিকাই যোৱা শিক্ষকসকলক শতকোটি‌ প্ৰণাম জনাই ‌কৃতজ্ঞতাস্বৰূপে পথিকৃতৰ পঞ্চম সংখ্যা শিক্ষক তথা পাঠক সমাজলৈ স-শ্ৰদ্ধাৰে আগবঢ়ালোঁ ।

Friday, 27 August 2021

পথিকৃৎ ই-আলোচনী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পথিকৃৎ সমাজৰ দ্বাৰা প্ৰকাশিত, চতুৰ্থ সংখ্যা_আগষ্ট ২০২১

 


ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পথিকৃৎ সমাজৰ দ্বাৰা প্ৰকাশিত পথিকৃৎ ই-আলোচনীৰ প্ৰথম বৰ্ষৰ চতুৰ্থ সংখ্যাটি পঢ়িবলৈ নিম্নাক্ত লিংকত ক্লিক কৰক -

https://drive.google.com/file/d/1ufrGc602aQm3-3RwCAZJxDQC11OiHvML/view?usp=drivesdk

                সম্প্ৰতি আমি স্বাধীন‌ দেশৰ স্বাধীন জাতি । স্বাধীনতাপিপাসু আমাৰ পূৰ্ব প্ৰজন্মক স্মৰণ কৰি তেওঁলোকৰ অদম্য সাহস আৰু আত্মবিশ্বাসক অনুকৰণ কৰি দেশ আৰু জাতিৰ ৰক্ষাৰ্থে ঐকান্তিক কচৰৎ আমাৰ কৰণীয় । 

          অৱশ্যে এইবাৰো 'পথিকৃৎ' ই-আলোচনীত স্বাধীন লেখকৰ  স্বাধীন চিন্তাধাৰাৰ পয়োভৰ ঘটিছে । এমুঠি শব্দৰে মালা গাঁথি শ্ৰদ্ধা নিবেদিছে সমূহ স্বাধীনতা সংগ্ৰামী বীৰ সেনানী তথা শ্বহীদসকললৈ । তেনে মনোভাৱেৰে সমৃদ্ধ 'পথিকৃৎ' ই-আলোচনীৰ চতুৰ্থ সংখ্যা 'স্বাধীনতা দিৱস বিশেষ' পাঠকবৃন্দলৈ সাদৰেৰে আগবঢ়ালোঁ । 

        আজিৰ ক'ৰনা সংকটকালত সাহিত্যই জাতিক বাট দেখুৱাব । 'পথিকৃৎ'ই-আলোচনীখন বাট প্ৰদৰ্শনৰ এটি প্ৰয়াস । আশা কৰোঁ সকলোৱে আদৰি ল'ব ।

         পৰিশেষত, 'পথিকৃৎ' ই-আলোচনীৰ এই আনন্দময়ী যাত্ৰাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ । 'স্বাধীনতা আন্দোলন'ৰ শুভেচ্ছাৰে ....








           



         

Thursday, 22 July 2021

পথিকৃৎ ই-আলোচনী_তৃতীয় সংখ্যা

আলোচনীখন পঢ়িবলৈ তলৰ লিংকটোত ক্লিক কৰক-

https://drive.google.com/file/d/1Q-VDq5XwgP6T5-EXo623gUuU79CSfQ6T/view?usp=drivesdk



শ্বেক্সস্পীয়েৰৰ ৰচনাৰ নায়ক হেমলেটে এখন কিতাপ পঢ়ি থকাৰ সময়তে প'ল'নিয়াছে সুধিছিল, "What do you read, my Lord ?" উত্তৰত হেমলেটে কৈছিল: "Words words words."

     

              শব্দই ব্ৰক্ষ্ম; কিয়নো শব্দৰ ক্ষয় নাই, এয়া সঁচা । আমাৰ শব্দবোৰেৰে নিত্য নতুন কৌশলেৰে অৰ্থক অনন্য মাত্ৰা দিয়াটোও এক প্ৰকাৰৰ যাদু । সাহিত্যই হৈছে এপদ অলংকাৰ যি অক্ষয়ী ।  সোণো ক্ষয় যাব, কিন্তু শব্দ নাইবা সাহিত্য নামৰ অলংকাৰৰ কোনো ক্ষয় নাই; ই বৰঞ্চ ঘঁহিলে বেছি উজ্বলতাহে দিব । তৃষ্ণাতুৰ মগনীয়াৰকো সাহিত্যৰ লালিত্যই শব্দৰ অস্পৰ্শী অমিয়াই তেওঁৰ খুদকণ স্বৰূপে ভোক গুচাব পাৰে ।  ইয়েই সাহিত্যৰ সাৰ্থকতা ।

          এনেদৰেই আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাকৰিত জন্ম লাভ কৰা "পথিকৃৎ" আলোচনীখনৰ তৃতীয়টো সংখ্যা প্ৰকাশৰ দিশে আগবাঢ়ি আহি সাফল্যৰ জিলিকনি কঢ়িয়াই আনি আজি উন্মোচন কৰাৰ দুৱাৰ দলিত খোজ দিলোঁহি ।  মূলতঃ অসম, ভাৰতবৰ্ষ তথা বিশ্বৰ সাম্প্ৰতিক কালৰ ক'ভিডকালীন বিভীষিকাময় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মানৱজাতিৰ এই প্ৰবল প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজ দিবলৈ যিচাম ব্যক্তি গোষ্ঠীয়ে স্ব-প্ৰাণক তুচ্ছ জ্ঞান কৰি মানুহ জাতিৰ কল্যাণ ও স্বাস্থ্যৰ স্থিতিক ক্ষতি নোহোৱাকৈ নিস্বাৰ্থ তথা নিষ্ঠাৰে নিজ কৰ্তব্য সুচাৰুৰূপে ৰূপায়ণ কৰি অহা মহানুভৱতাৰ প্ৰতীক চিকিৎসক সকলৰ সন্মানাৰ্থে আমাৰ "পথিকৃৎ"ৰ তৃতীয় সংখ্যাটো যুগুত কৰি উলিয়াইছোঁ । লগতে আমি "পথিকৃৎ"ৰ এই সংখ্যাটো "চিকিৎসক দিৱস"ৰ সৈতে সংগতি ৰাখি আজি আপোনালোক সু-হৃদ পাঠক সমাজলৈ "পথিকৃৎ" তৃতীয় সংখ্যাৰ আলোচনীখন হাতত তুলি দিছোঁ । 

        আশা কৰোঁ "পথিকৃৎ"ৰ এই চিন্তাক্লেশ বোধিদ্ৰুমৰ অভিব্যক্তিৰ প্ৰতি স-হৃদয়েৰে আপোনালোক পাঠক সমাজৰ পৰা সু-সংগঠিত দিহা-পৰামৰ্শৰে আমাক অনুপ্ৰাণিত কৰাৰ লগতে অনাগত দিনবোৰত প্ৰাক-কালীনত ৰৈ যোৱা অনাকাংক্ষিত ভুল-ত্ৰুটিবোৰ আঙুলিয়াই দি শুধৰাই লোৱাৰ স্পৃহা ব্যক্ত কৰিব । 

 ‌          "পথিকৃৎ" আপোনালোকৰ দাপোণ হওক; এই আশাৰে । 

              প্ৰান্তত

      সম্পাদনা সমিতি


Monday, 21 June 2021

পথিকৃৎ ই-আলোচনী_দ্বিতীয় সংখ্যা, জুন ২০২১

 https://drive.google.com/file/d/1pnplYtZbS_vB31L6n87xUyP2nSOelkLJ/view?usp=drivesdk


মহামাৰীৰ তাণ্ডৱ নৃত্য আৰু ছাত্ৰ সমাজৰ অধ্যয়নৰ ক্ষেত্ৰখনক লৈ চিন্তাই গ্ৰাস কৰাৰ সময়তো সকলোৱে হাঁহি এটা পিন্ধি জীয়াই থাকিবলৈ শিকিছে.....  

             ছ'চিয়েল নেটৱৰ্কিং মাধ্যমসমূহলৈ ধন্যবাদ , যিয়ে সকলোৰে মাজত যোগাযোগ অনায়াসলব্ধ  কৰি তুলিছে । ই - বুক , ই - আলোচনীৰ উপলব্ধতা সম্ভৱ কৰি তুলিছে .... 

              'পথিকৃৎ' ই -  আলোচনী সাহিত্য জগতৰ এক নৱ সংযোজন । প্ৰথম সংখ্যাৰ সফলতাই দ্বিতীয় সংখ্যাটিও‌ আপোনালোকৰ আগত প্ৰকাশ কৰি উলিয়াবলৈ অনুপ্ৰাণিত কৰিলে । 

           ক'ৰোনাকালৰ এনে দুৰ্দিনৰ সময়ছোৱাত সাহিত্যচৰ্চাক আমাৰ মাজত জীৱিত তথা সজীৱ কৰি ৰখাৰ যি ক্ষুদ্ৰ প্ৰচেষ্টা 'পথিকৃৎ'ৰ বীজ , সেয়া আপোনালোকৰ সঁহাৰিৰ সাৰ পানীৰ বলতে গজালি মেলিছে । আমাৰ বিশ্বাস, কালক্ৰমত ই এজোপা প্ৰকাণ্ড গছ হৈ সাহিত্যৰ সুবাস বিলাব, সেউজীয়া হ'ব ধৰণীৰ এটা কোণ, সেউজীয়াৰে উপচি পৰিব সাহিত্যৰ চোতাল ।

           'পথিকৃৎ' ই আলোচনীৰ দ্বিতীয় সংখ্যাটি পাঠকবৃন্দলৈ আগবঢ়ালোঁ .....  

           আপোনসৱৰ আশীৰ্বাদ, মৰম, সঁহাৰিৰ কামনাৰে .......

Thursday, 20 May 2021

পথিকৃৎ-ই আলোচনী, প্ৰথম সংখ্যা মে' ২০২১

https://drive.google.com/file/d/13hWu-0ikT72rZb1K6asFCBZrhwojO_Pq/view?usp=drivesdk



সাহিত্য চৰ্চাৰ‌‌ মাধ্যমেৰে পোহৰ অভিমুখী প্ৰকৃত পথৰ যাত্ৰাত 'পথিকৃৎ', সমাজৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া ই- আলোচনী আপোনালোকলৈ আগবঢ়ালো । পথিকৃৎ, এই পথৰ জোনাকী বন্তি হওঁক, নিৰক্ষৰ সমাজৰ জ্ঞানৰ জ্যোতি হওঁক, দেশৰ দুৰ্যোগপূৰ্ণ সময়ত‌‌ সহায়ৰ সাৰথি হওঁক, শিক্ষা - সংস্কৃতিৰ মধুৰ ৰাগিণী হ‌ওঁক, অন্যায়ৰ বিৰুদ্ধে অনিৰুদ্ধ কণ্ঠ হওঁক , আৰু হওঁক জীৱন জয়যাত্ৰাৰ জীৱন্ত সাক্ষী ; এই মানসেৰে‌ ডিব্ৰুগড়  বিশ্ববিদ্যালয়ৰ পথিকৃৎ সমাজৰ সুশোভিত মজিয়াৰ পৰা 'পথিকৃৎ' আগবঢ়াইছোঁ পাঠক সমাজলৈ । সাহিত্য চৰ্চাৰ এই কিঞ্চিৎ প্ৰয়াসক পাঠক সমাজে আদৰি ল'লে আমাৰ নিষ্ঠা আৰু উদ্যমে সাৰ্থকতা লভিব । 

             'পথিকৃৎ' - এই পথ হওঁক আপোনাৰ , এই পথ হওঁক আমাৰ, এই পথ হওঁক জ্ঞানৰ অমৃতসন্ধানী প্ৰত্যেকজন মানুহৰ । এই যাত্ৰা হ‌ওঁক চিৰযুগমীয়া । প্ৰীতি আৰু একতাৰ ডোলেৰে 'পথিকৃৎ' নৱ - উন্মেষৰ চেতনা, জ্ঞানৰ সাধনা আৰু সৃষ্টিৰ আৰাধনা । 

          শেষত , সমূহ লেখক- লেখিকা আৰু পাঠক সমাজলৈ শ্ৰদ্ধা আৰু শুভেচ্ছাৰে ........

Friday, 14 May 2021

পথিকৃত ই-আলোচনী

 

পথিকৃত ই-আলোচনী


নমস্কাৰ। 

জ্ঞানীজনে কয়, "আলোচনী সমাজৰ দাপোণস্বৰূপ ।' আজি আমাৰ সমাজত ক'ত কি ঘটিছে অথবা আমাৰ দৈনন্দিন জীৱন‌-যাপনৰ খতিয়ান আলোচনী এখনে কাইলৈ নিখুঁতকৈ সকলোৰে আগত দাঙি ধৰিব পাৰিব । আন অৰ্থত সেই ক্ষমতা মাথোঁ সাহিত্যৰহে আছে । 

     চাহ - জনগোষ্ঠী অসমৰ মাজমজিয়া শোভিত কৰা এখন সমাজ। সাহিত্য জগতৰ বুকুত এমুঠি সেউজীয়া ছটিওৱাৰ উদ্দেশ্যে 'ডিব্ৰুগড় বিশ্ববিদ্যালয় চাহ জনগোষ্ঠী ছাত্ৰ সমাজ'ৰ উদ্যোগত আৰম্ভ কৰা মাহেকীয়া ই- আলোচনী "পথিকৃৎ"‌‌ এটি ক্ষুদ্ৰ প্ৰয়াস। কলমেৰে অনুভৱ ব্যক্ত কৰিব  বিচৰা অসমৰ সকলো অনুভৱী লেখকৰ বাবে "পথিকৃৎ" ৰ জপনা সদায়ে খোলা।

আহক আমি সকলোৱে "পথিকৃৎ"ৰ এই যাত্ৰাৰ অংশীদাৰ হৈ জ্ঞানৰ পথাৰখনত শব্দৰ এমুঠি বীজ সিঁচি দিওঁ। আপোনালোক সকলোৰে সহায় - সহযোগিতা লগতে দিহা পৰামৰ্শ একান্তই কামনা কৰিলোঁ। 

"পথিকৃৎ" সমাজৰ তৰুণ লেখকৰ বাবে প্ৰেৰণাময় মসৃণ পথ হওক; শিক্ষিত তথা সত্য‌ আৰু শুদ্ধ পথৰ সন্ধান দিয়ক। "পথিকৃৎ" আজিৰ সমাজৰ নিভাঁজ দাপোণ হওক।


                           ধন্যবাদেৰে ,

              'পথিকৃৎ'ৰ সমূহ বিষয়ববীয়া

পথিকৃৎ ই-আলোচনী, পঞ্চম সংখ্যা, ছেপ্তেম্বৰ ২০২১

  https://drive.google.com/file/d/1F-fV5dlPsx3T3iwT34BxLz-bEICcMwTH/view?usp=drivesdk ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পথিকৃৎ সমাজৰ দ্বাৰা প্ৰকাশিত প...