Thursday, 20 May 2021

পথিকৃৎ-ই আলোচনী, প্ৰথম সংখ্যা মে' ২০২১

https://drive.google.com/file/d/13hWu-0ikT72rZb1K6asFCBZrhwojO_Pq/view?usp=drivesdk



সাহিত্য চৰ্চাৰ‌‌ মাধ্যমেৰে পোহৰ অভিমুখী প্ৰকৃত পথৰ যাত্ৰাত 'পথিকৃৎ', সমাজৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া ই- আলোচনী আপোনালোকলৈ আগবঢ়ালো । পথিকৃৎ, এই পথৰ জোনাকী বন্তি হওঁক, নিৰক্ষৰ সমাজৰ জ্ঞানৰ জ্যোতি হওঁক, দেশৰ দুৰ্যোগপূৰ্ণ সময়ত‌‌ সহায়ৰ সাৰথি হওঁক, শিক্ষা - সংস্কৃতিৰ মধুৰ ৰাগিণী হ‌ওঁক, অন্যায়ৰ বিৰুদ্ধে অনিৰুদ্ধ কণ্ঠ হওঁক , আৰু হওঁক জীৱন জয়যাত্ৰাৰ জীৱন্ত সাক্ষী ; এই মানসেৰে‌ ডিব্ৰুগড়  বিশ্ববিদ্যালয়ৰ পথিকৃৎ সমাজৰ সুশোভিত মজিয়াৰ পৰা 'পথিকৃৎ' আগবঢ়াইছোঁ পাঠক সমাজলৈ । সাহিত্য চৰ্চাৰ এই কিঞ্চিৎ প্ৰয়াসক পাঠক সমাজে আদৰি ল'লে আমাৰ নিষ্ঠা আৰু উদ্যমে সাৰ্থকতা লভিব । 

             'পথিকৃৎ' - এই পথ হওঁক আপোনাৰ , এই পথ হওঁক আমাৰ, এই পথ হওঁক জ্ঞানৰ অমৃতসন্ধানী প্ৰত্যেকজন মানুহৰ । এই যাত্ৰা হ‌ওঁক চিৰযুগমীয়া । প্ৰীতি আৰু একতাৰ ডোলেৰে 'পথিকৃৎ' নৱ - উন্মেষৰ চেতনা, জ্ঞানৰ সাধনা আৰু সৃষ্টিৰ আৰাধনা । 

          শেষত , সমূহ লেখক- লেখিকা আৰু পাঠক সমাজলৈ শ্ৰদ্ধা আৰু শুভেচ্ছাৰে ........

10 comments:

  1. সুন্দৰ হৈছে আলোচনীখন🙏।

    ReplyDelete
  2. Mesmerizing 🙏and thanks

    ReplyDelete
  3. আলোচনীখন দেখি অভিভূত!
    প্ৰতিটো শিতানেই আকৰ্ষণীয় !
    আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো

    ReplyDelete
  4. আলোচনীখনে চিত্তাকৰ্ষণ কৰাৰ সামথ' অজ'ন কৰিলে ৷

    ReplyDelete
  5. বৰ আকৰ্ষনীয় হৈছে।

    ReplyDelete

পথিকৃৎ ই-আলোচনী, পঞ্চম সংখ্যা, ছেপ্তেম্বৰ ২০২১

  https://drive.google.com/file/d/1F-fV5dlPsx3T3iwT34BxLz-bEICcMwTH/view?usp=drivesdk ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পথিকৃৎ সমাজৰ দ্বাৰা প্ৰকাশিত প...