Thursday, 22 July 2021

পথিকৃৎ ই-আলোচনী_তৃতীয় সংখ্যা

আলোচনীখন পঢ়িবলৈ তলৰ লিংকটোত ক্লিক কৰক-

https://drive.google.com/file/d/1Q-VDq5XwgP6T5-EXo623gUuU79CSfQ6T/view?usp=drivesdk



শ্বেক্সস্পীয়েৰৰ ৰচনাৰ নায়ক হেমলেটে এখন কিতাপ পঢ়ি থকাৰ সময়তে প'ল'নিয়াছে সুধিছিল, "What do you read, my Lord ?" উত্তৰত হেমলেটে কৈছিল: "Words words words."

     

              শব্দই ব্ৰক্ষ্ম; কিয়নো শব্দৰ ক্ষয় নাই, এয়া সঁচা । আমাৰ শব্দবোৰেৰে নিত্য নতুন কৌশলেৰে অৰ্থক অনন্য মাত্ৰা দিয়াটোও এক প্ৰকাৰৰ যাদু । সাহিত্যই হৈছে এপদ অলংকাৰ যি অক্ষয়ী ।  সোণো ক্ষয় যাব, কিন্তু শব্দ নাইবা সাহিত্য নামৰ অলংকাৰৰ কোনো ক্ষয় নাই; ই বৰঞ্চ ঘঁহিলে বেছি উজ্বলতাহে দিব । তৃষ্ণাতুৰ মগনীয়াৰকো সাহিত্যৰ লালিত্যই শব্দৰ অস্পৰ্শী অমিয়াই তেওঁৰ খুদকণ স্বৰূপে ভোক গুচাব পাৰে ।  ইয়েই সাহিত্যৰ সাৰ্থকতা ।

          এনেদৰেই আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাকৰিত জন্ম লাভ কৰা "পথিকৃৎ" আলোচনীখনৰ তৃতীয়টো সংখ্যা প্ৰকাশৰ দিশে আগবাঢ়ি আহি সাফল্যৰ জিলিকনি কঢ়িয়াই আনি আজি উন্মোচন কৰাৰ দুৱাৰ দলিত খোজ দিলোঁহি ।  মূলতঃ অসম, ভাৰতবৰ্ষ তথা বিশ্বৰ সাম্প্ৰতিক কালৰ ক'ভিডকালীন বিভীষিকাময় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মানৱজাতিৰ এই প্ৰবল প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজ দিবলৈ যিচাম ব্যক্তি গোষ্ঠীয়ে স্ব-প্ৰাণক তুচ্ছ জ্ঞান কৰি মানুহ জাতিৰ কল্যাণ ও স্বাস্থ্যৰ স্থিতিক ক্ষতি নোহোৱাকৈ নিস্বাৰ্থ তথা নিষ্ঠাৰে নিজ কৰ্তব্য সুচাৰুৰূপে ৰূপায়ণ কৰি অহা মহানুভৱতাৰ প্ৰতীক চিকিৎসক সকলৰ সন্মানাৰ্থে আমাৰ "পথিকৃৎ"ৰ তৃতীয় সংখ্যাটো যুগুত কৰি উলিয়াইছোঁ । লগতে আমি "পথিকৃৎ"ৰ এই সংখ্যাটো "চিকিৎসক দিৱস"ৰ সৈতে সংগতি ৰাখি আজি আপোনালোক সু-হৃদ পাঠক সমাজলৈ "পথিকৃৎ" তৃতীয় সংখ্যাৰ আলোচনীখন হাতত তুলি দিছোঁ । 

        আশা কৰোঁ "পথিকৃৎ"ৰ এই চিন্তাক্লেশ বোধিদ্ৰুমৰ অভিব্যক্তিৰ প্ৰতি স-হৃদয়েৰে আপোনালোক পাঠক সমাজৰ পৰা সু-সংগঠিত দিহা-পৰামৰ্শৰে আমাক অনুপ্ৰাণিত কৰাৰ লগতে অনাগত দিনবোৰত প্ৰাক-কালীনত ৰৈ যোৱা অনাকাংক্ষিত ভুল-ত্ৰুটিবোৰ আঙুলিয়াই দি শুধৰাই লোৱাৰ স্পৃহা ব্যক্ত কৰিব । 

 ‌          "পথিকৃৎ" আপোনালোকৰ দাপোণ হওক; এই আশাৰে । 

              প্ৰান্তত

      সম্পাদনা সমিতি


No comments:

Post a Comment

পথিকৃৎ ই-আলোচনী, পঞ্চম সংখ্যা, ছেপ্তেম্বৰ ২০২১

  https://drive.google.com/file/d/1F-fV5dlPsx3T3iwT34BxLz-bEICcMwTH/view?usp=drivesdk ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পথিকৃৎ সমাজৰ দ্বাৰা প্ৰকাশিত প...