Thursday, 20 May 2021

পথিকৃৎ-ই আলোচনী, প্ৰথম সংখ্যা মে' ২০২১

https://drive.google.com/file/d/13hWu-0ikT72rZb1K6asFCBZrhwojO_Pq/view?usp=drivesdk



সাহিত্য চৰ্চাৰ‌‌ মাধ্যমেৰে পোহৰ অভিমুখী প্ৰকৃত পথৰ যাত্ৰাত 'পথিকৃৎ', সমাজৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া ই- আলোচনী আপোনালোকলৈ আগবঢ়ালো । পথিকৃৎ, এই পথৰ জোনাকী বন্তি হওঁক, নিৰক্ষৰ সমাজৰ জ্ঞানৰ জ্যোতি হওঁক, দেশৰ দুৰ্যোগপূৰ্ণ সময়ত‌‌ সহায়ৰ সাৰথি হওঁক, শিক্ষা - সংস্কৃতিৰ মধুৰ ৰাগিণী হ‌ওঁক, অন্যায়ৰ বিৰুদ্ধে অনিৰুদ্ধ কণ্ঠ হওঁক , আৰু হওঁক জীৱন জয়যাত্ৰাৰ জীৱন্ত সাক্ষী ; এই মানসেৰে‌ ডিব্ৰুগড়  বিশ্ববিদ্যালয়ৰ পথিকৃৎ সমাজৰ সুশোভিত মজিয়াৰ পৰা 'পথিকৃৎ' আগবঢ়াইছোঁ পাঠক সমাজলৈ । সাহিত্য চৰ্চাৰ এই কিঞ্চিৎ প্ৰয়াসক পাঠক সমাজে আদৰি ল'লে আমাৰ নিষ্ঠা আৰু উদ্যমে সাৰ্থকতা লভিব । 

             'পথিকৃৎ' - এই পথ হওঁক আপোনাৰ , এই পথ হওঁক আমাৰ, এই পথ হওঁক জ্ঞানৰ অমৃতসন্ধানী প্ৰত্যেকজন মানুহৰ । এই যাত্ৰা হ‌ওঁক চিৰযুগমীয়া । প্ৰীতি আৰু একতাৰ ডোলেৰে 'পথিকৃৎ' নৱ - উন্মেষৰ চেতনা, জ্ঞানৰ সাধনা আৰু সৃষ্টিৰ আৰাধনা । 

          শেষত , সমূহ লেখক- লেখিকা আৰু পাঠক সমাজলৈ শ্ৰদ্ধা আৰু শুভেচ্ছাৰে ........

Friday, 14 May 2021

পথিকৃত ই-আলোচনী

 

পথিকৃত ই-আলোচনী


নমস্কাৰ। 

জ্ঞানীজনে কয়, "আলোচনী সমাজৰ দাপোণস্বৰূপ ।' আজি আমাৰ সমাজত ক'ত কি ঘটিছে অথবা আমাৰ দৈনন্দিন জীৱন‌-যাপনৰ খতিয়ান আলোচনী এখনে কাইলৈ নিখুঁতকৈ সকলোৰে আগত দাঙি ধৰিব পাৰিব । আন অৰ্থত সেই ক্ষমতা মাথোঁ সাহিত্যৰহে আছে । 

     চাহ - জনগোষ্ঠী অসমৰ মাজমজিয়া শোভিত কৰা এখন সমাজ। সাহিত্য জগতৰ বুকুত এমুঠি সেউজীয়া ছটিওৱাৰ উদ্দেশ্যে 'ডিব্ৰুগড় বিশ্ববিদ্যালয় চাহ জনগোষ্ঠী ছাত্ৰ সমাজ'ৰ উদ্যোগত আৰম্ভ কৰা মাহেকীয়া ই- আলোচনী "পথিকৃৎ"‌‌ এটি ক্ষুদ্ৰ প্ৰয়াস। কলমেৰে অনুভৱ ব্যক্ত কৰিব  বিচৰা অসমৰ সকলো অনুভৱী লেখকৰ বাবে "পথিকৃৎ" ৰ জপনা সদায়ে খোলা।

আহক আমি সকলোৱে "পথিকৃৎ"ৰ এই যাত্ৰাৰ অংশীদাৰ হৈ জ্ঞানৰ পথাৰখনত শব্দৰ এমুঠি বীজ সিঁচি দিওঁ। আপোনালোক সকলোৰে সহায় - সহযোগিতা লগতে দিহা পৰামৰ্শ একান্তই কামনা কৰিলোঁ। 

"পথিকৃৎ" সমাজৰ তৰুণ লেখকৰ বাবে প্ৰেৰণাময় মসৃণ পথ হওক; শিক্ষিত তথা সত্য‌ আৰু শুদ্ধ পথৰ সন্ধান দিয়ক। "পথিকৃৎ" আজিৰ সমাজৰ নিভাঁজ দাপোণ হওক।


                           ধন্যবাদেৰে ,

              'পথিকৃৎ'ৰ সমূহ বিষয়ববীয়া

পথিকৃৎ ই-আলোচনী, পঞ্চম সংখ্যা, ছেপ্তেম্বৰ ২০২১

  https://drive.google.com/file/d/1F-fV5dlPsx3T3iwT34BxLz-bEICcMwTH/view?usp=drivesdk ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পথিকৃৎ সমাজৰ দ্বাৰা প্ৰকাশিত প...